Friday, May 10, 2013

আজিকালি বৰষুণ দিলে তুমি কি কৰা


(ৰোশ্‌নিৰ প্রতি)

নাজানো আজিকালি বৰষুণ দিলে তুমি কি কৰা, জানিবলৈ মন যায়,
মুকলি পথাৰখনলৈ লৰ মাৰি যোৱানে
উতনুৱা মেঘৰ সতে ফেৰ মাৰি নাচানে আজিও তুমি ককাল ঘূৰাই
লগৰীয়াবোৰে তোমাক পাগলী বুলি কোৱা শুনানে

বৰষুণ শাম কটাৰ পিছত তুমি কিজানি
পানী লাগিছে বুলি নাক উজাই কান্দানে
চকুৰ পানীকো বৰষুণৰ পানী বুলি মানি
তুমি তোমাৰ বাউলি ছুলি টানি টানি বান্ধানে?

Art: Divya Narang


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment