নীলাচলৰ বুকুত নে হিমালয়ৰ বুকুত
কোনোবাখিনিত আমি এটা ঘৰ সজাৰ কথা ভাবিছিলোঁ
কোপাই নদীৰ পাৰত নে জীয়া ভৰলীৰ পাৰত
কোনোবাখিনিত আমি এটা ঘৰ সজাৰ কথা ভাবিছিলোঁ
মোৰ এই শৰীৰটো তুমি ভালপাইছিলা।
ভালপাইছিলা মোৰ শৰীৰৰ গোন্ধ।
মোৰ এই শৰীৰৰ মাজতে তুমি এটা ঘৰ বিচাৰি পাইছিলা।
মোৰ এই শৰীৰটো চুই চুই তুমি কি সপোন দেখিছিলা
মই নাজানোঁ। কিন্তু জানোঁ, সময়ে সলনি কৰে সকলো গোন্ধ।
মোৰ এই শৰীৰৰ মাজতে তুমি এটা ঘৰ বিচাৰি পাইছিলা।
কিন্তু আজি মই বিচাৰিছোঁ এই বজাৰৰ ভীৰৰ মাজতেই
মোৰ ঘৰ এটা হওক
হকে বিহকে মানুহৰ আহ যাহ ৰওক
এল ডোৰাডোত নে শতফুল ফুলা নদীৰ তীৰত
কোনোবাখিনিত আমি এটা ঘৰ সজাৰ কথা ভাবিছিলোঁ
শিয়ালীৰ কাণ কাটি বাতি জ্বলাই, মৰুৱা ফুলৰ মাজত
কোনোবাখিনিত আমি এটা ঘৰ সজাৰ কথা ভাবিছিলোঁ
কিন্তু আজি মই বিচাৰিছোঁ এই বজাৰৰ ভীৰৰ মাজতেই
মোৰ ঘৰ এটা হওক
তুমি নাই, কিন্তু মানুহবোৰে মোক তোমাৰ কথাকেই কওক
মানুহৰ মুখে মুখে আমাৰ ভালপোৱাৰ কথা ৰওক।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment