Friday, May 10, 2013

আজি তুমি আহিবা (গান)


আজি তুমি আহিবা মোৰ কাষতে বহিবা
হাততে হাত থৈ আমি পাতিম কথা
বহু দিনৰ পুৰণা কতো কাকো নোকোৱা
বহু কথা আছে মোৰ বুকুতে সঁচা।।

বহু দিন বন্ধু তোমাৰ গান শুনা নাই
মুখা মুখি বহি আমি কথা পতা নাই

আজি তুমি আহিবা পাৰি থৈছোঁ দলিচা
চেনেহ এনাজৰীৰে যতনে গঁঠা।।

বহুদিন খিৰিকীখন খোলা হোৱা নাই
বতাহে মোৰ কোঠালিত ঢৌ খেলা নাই

আজি তুমি আহিবা হাততে তুলি দোতাৰা
বন্ধু তুমি সুধিবা কি গান গাম কোৱা।।



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment