এদিন ধ্রুপদীয়ে সপোনত মোক দেখিলে। এৰা,
ৰতন পল্লীৰ বজাৰলৈ সন্ধিয়া পৰত
ওলাই যাওতে হ’ল মোৰ স’তে দেখা।
বৃটিছ যুৱৰাজৰ সাজ মোৰ। বর্ম বক্ষত।
ভৰিত ওখ জোতা আঁঠুলৈকে ঢকা। কঁকালত তৰোৱাল ৰখা।
হেনো এলিজাবেথৰ দিনৰ কোনো নায়ক।
শুভ্র ডাঙৰ বহল ডিঙিৰ কলাৰ। সৰু স্কার্ট। মূৰৰ ছুলি কেঁকোৰা।
ৰৈ আছোঁ এপদ আগবঢ়াই কন্ট্রাপোস্তত।
মৃত পিতাৰ প্রেতাত্মাৰ আজি শুনিম নেকি আজ্ঞা?
দূর্গলৈ যাম নে ৰাজসভালৈ? আজিয়েই নেকি অভিষেক?
এটা ভৰি পিছুৱাই সামান্য দোঁ খাই
দেখুৱালোঁ সম্ভ্রম এখন হাত আগলৈ বঢ়াই
ধ্রুপদীয়ে সোধে, “সমুদ্র তই ইয়াত?
এই হেন সাজেৰে সাজি তই ৰ’লি যে তিনিআলিত
হোৱা নাইতো মূৰৰ স্ক্রুবোৰ ঢিলা?” মই ক’লোঁ তাইক,
তইতো জানই ধ্রুপদী আজি যে গ’ এজ ইউ লাইক,
এইবাৰ ফার্ষ্ট প্রাইজটো পাবই লাগিব, পাবই লাগিব যেনেকৈয়ে হওক।
কথা যে দি থৈ আহিছোঁ কাৰোবাক।
চা চোন মোক, ঘূৰি পকি চা, দূৰৰ পৰা চা,
ওচৰৰ পৰা চা, কেনেকুবা বাৰু, ভাল লাগিছেনে নাই বা
জীৱন জীয়াই থাকে এনেকৈয়ে। গ’ এজ ইউ লাইক।
আজিলৈকে কাকোৱেই ফার্ষ্ট প্রাইজ পোৱা দেখা নাই হ’লে। আজলী
ধ্রুপদীজনীক সাবটি ধৰিবৰ মন গ’ল। সপোনতেই হওক,
জাননে, তইহে মোক মোৰ আচল ৰূপত দেখিলি।

No comments:
Post a Comment