কঁপে থৰে থৰে মন বিৰিণাৰে পাত
মনৰ খিৰিকীয়েদি কোনে লগালে মাত
উদুলি মুদুলি হ’ব নেকি পদূলি
লগোৱা নহ’ল তাঁত
কিয় জানোঁ তোমাৰ দেখোন
কোনো কথাই নেলাগে গাত
আউলি বাউলি কৰি মেলি দিলি ছুলি
পৰিবনে দেহা শাঁত।।
ভেকুলিৰ মাততে মেটেকা ফুলে
মেটেকাৰ গোন্ধে আকৌ কাকে জানো মাতে
শুনিছানে সেই মাত
কিয় জানো তোমাৰ দেখোন
কোনো কথাই নেলাগে গাত।।
জেতুকা বাটোতে মনত জানো পৰে
মনত পৰিলে আকৌ কেনেকুৱা লাগে
পতাতে ৰয় পতাৰ পাত
কিয় জানো তুমি দেখোন
চাই চাই ৰ’লা মাথোঁ বাট।।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:
Post a Comment