(১৬ নং গুহা, ইলোৰা) [i]
এটা শিলৰ ভিতৰত আছিল তোমাৰ ঘৰ। তাৰ ভিতৰতো যে কিমান ঘৰ!
তাতে তোমাৰ প্রসাৰিত হাতে চুই যায় দিগন্ত।
ভৰিৰ বুঢ়া আঙুলিৰে হেঁচুকি ধৰি তুমি সন্ত্রাস দমন কৰা ৰাৱণৰ।
এটা শিলৰ ভিতৰলৈ আমি সোমাই যাওঁ, আৰু দ কৈ উশাহ লওঁ, হে প্রশান্ত!
শিলৰ ভিতৰতে খেলা কৰে সূৰুজে চান্দে
বাটৰ এচপৰা শিলতে উজুটি খাই কিয় যে কাণখোৱাই কান্দে!
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
[i] ইলোৰাৰ কৈলাশনাথ মন্দিৰ অথবা ১৬ নম্বৰ গুহাৰ কাৰুকার্য অতুলনীয়। এই কথা ভাবি
আচৰিত হ’বলগীয়া হয় যে, এই বিৰাট স্থাপত্য এচপৰা মাত্র শিল কাটি উলিওৱা হৈছিল।
No comments:
Post a Comment