Friday, May 10, 2013

সেমেকা বতৰৰ পদ্য

আকাশত কোন বুঢ়ী কুটকোৰা ছুলি
বৰষুণ সৰে যেন সৰে পিঠাগুৰি।।
ডাৱৰৰ আঁৰে আঁৰে ঢেঁকী দিয়ে কোনে
ঢেঁকীথোৰাৰ চাবে চাবে বিজুলী চমকে।।

গলি গলি শেষ হল আকাশৰ তৰা
বোকাত বিচাৰি তুমি কিটো পাবা হেৰা।।
কচুপাতৰ ওৰণী নখহে কাহানিও
বৰষুণে জোকাই যায় কথাষাৰ জানিও।।

ধূনপেচ মাৰে কোনে বৰষুণৰ বতৰ
ঘৰঘৰাই ঘূৰে মেঘৰ মহুৰা যঁতৰ।।
মেঘৰ আঁৰৰ বুঢ়ীয়ে ঘোষা এটি জুৰে
কলমৌ ঢেঁকীয়াই চাপৰিহে ধৰে।।



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]


No comments:

Post a Comment