Friday, May 10, 2013

হেৰোৱা গান (গান)


মোৰ হেৰাই যোৱা তুমুল কজলা মেঘ
তোৰ হেৰোৱা কহুৱানিৰ আকাশত চৰে।।[i]

মোৰ হেৰাই যোৱা মাতাল সুহুৰি এটা
তোৰ হেৰোৱা শালবনৰ ফেৰেঙনিৰ ৰদত ঘূৰি ফুৰে।।

মোৰ বৰষুণে গৈ কৰে তোৰ মাটি জীপাল
সেই বৰষুণজাক, সেই মাটিডৰা কতেনো হেৰাল
কোনে কব পাৰে?

এই চহৰৰ ভীৰৰ মাজত মই মোক এৰি থৈ আহিছিলোঁ তোৰ সতে
তয়ো আছিলি নিশ্চিন্তে নিজকে থৈ মোৰ কাষতে
ময়ো হেৰুৱালোঁ তোক
হেৰুৱালি তয়ো মোক
ভিৰৰ মাজৰ এই চহৰৰে।।



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]







[i] চৈয়দ তওফিক ৰিয়াজৰ এটি গীতৰ প্রথম চৰণ।

No comments:

Post a Comment