জোনৰ কাৰণে হেনো জোৱাৰ উঠে সাগৰত
নিঃপালি দি শুই থাকে জোনটি ভাগৰত।।
বহু কথা থাকে নেপেলোৱাই ভাল মনত।
কিয় যে তাকে বান্ধি থোৱা আঁচলত।।
চনকা সপোনবোৰ নুশুবা লৈ কাষৰত।
জানোছা ভাগে টোপনিতে সলোৱা বাগৰত।।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment