Thursday, May 23, 2013

গলহেকাৰি এটাকে মাৰি দিয়ক, ৰাইজ


ৰাইজ আপোনালোকে হাতচাপৰি বজাওক। এন্ধাৰ দেখিছোঁ মই।

মঞ্চৰ স্পট লাইটটোৰ প্রতি কিমান যে হেঁপাহ আছিল লৰালিৰে পৰা
এই কথাটোকে বুজিবলৈ বহুকাল লাগিল যে
এই লাইটটোৰ তলত থিয় হৈ আপোনালোকৰ হাত স্পর্শ কৰিব নোৱাৰি।
মোৰ ভিতৰৰ মই-টো আৰু ডাঙৰ হৈ উঠে।

মঞ্চৰ পৰা নামি আহি এটা নগ্ন বাল্বৰ তলত থিয় হলোঁহি।
এৰা, এয়ে ভাল। এই বাল্বটোৱে সকলো ঠাইতে সমানে পোহৰ বিলায়।
কিন্তু কথাত কথা বাঢ়িল লগতে বাঢ়িল লেঠা। ফকাচ কত?
নগ্ন বাল্বটোকে খামোচ মাৰি ধৰিলোঁ, যেন ডাঙ্কোৰ জ্বলন্ত হৃৎপিণ্ড।

অসুবিধা আঁতৰ টো নহলেই, বাঢ়িল। চকুৰ সন্মুখত বাল্বটো থকাত
মই নেদেখা হলোঁ বাল্বটোৰ সিপাৰে থকা আপোনালোকক।
আছেনে আপোনালোক? মই যে আন্ধাৰ দেখিছোঁ চকুৰে
আপোনালোকে দেখা পাই আছেনে মোক?

সেয়েহে ৰাইজ, গলহেকাৰি এটাকে মাৰি দিয়ক, নহলে
নহলে এজাউৰি হাতচাপৰি বজাওক। আপোনালোকৰ উপস্থিতিৰ
উমান পালেহে উমান পাম মই আছোঁ নে নাই।
আন্ধাৰ দেখিছোঁ ৰাইজ।

আন্ধাৰত নিজকে খেপিয়াই বিচাৰিবলৈও মোৰ যে হাত দুখন
কেতিয়াবাই আপোনালোকক দি দিছিলোঁ।  




[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment