হঠাৎ যেন তোৰ মাতটো শুনিলোঁ, ঘুমটি
ভাঙিল মাজনিশা
গাৰুৰ কাষত খেপিয়াই চালোঁ,
গীতবিতানখন নাই।
মোৰ কোঠালিৰ খোলা খিৰকীখনেদি পোহৰ
সোমাইছেহি এচেৰেঙা।
পতিয়ন যাব নোৱাৰিলোঁ এনেহেন সময়ত আৰু
কোনো সাৰে নাই।
মই যিটো মহলাত থাকোঁ, তাৰ তলতে নাৱৰীয়া
এটা ৰৈছেহি
ক’লৈ লৈ যাব খোজ মোক? মক্কা মদিনা
মথুৰা বৃন্দাবন ৰঙা মাটিৰ দেশ
মঞি নাযাঞ। নাযাং নাযাং। নাযাওঁ অ’ তই কোন অচিন বাঁহী
নবীজীৰ ৰূপকাঠৰ নৌকা, নাই বুৰাৰ
ভয়, জানোঁ জানোঁ বেচ।
বিচনাখনতে খেপিয়াই খেপিয়াই কিবা
এটা বিচাৰিলোঁ বহুপৰ ধৰি
খেপিয়াওঁতে খেপিয়াওঁতে হাততে হাত
গজিল, একো নাপালোঁ
বুকুৰ কামিহাঁড় হ’ল ডালি ডালি
এবাৰ দুবাৰ কেইবাৰ নাজানোঁ ৰৈ ৰৈ
যেন তোৰ মাতটো শুনা পালোঁ।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment