Friday, May 10, 2013

পিৰালিত পৰুৱাই পিৰপিৰালেই

পিৰালিত পৰুৱাই পিৰপিৰালেই
গোটেই ঘৰটো জিকাৰ খাই উঠে
নবীৰ নৌকাত উঠি জিকিৰ দোহাৰি
ঘৰটো কৰবালৈ গুছি যাব খোঁজে

বুর্বক ঘৰৰটোৱে বুজিকে নাপায়
সি যে কলৈকো যাব নোৱাৰে
তাৰ উৰুখা তালুৰে
এই ওলাওঁ এই সোমাওঁ জিৰণীয়া চৰাই

ঘৰত থকা মানুহবোৰৰ ভয় যে বহুত
আমে মলিয়ালে ভয়।
পিৰালিত পৰুৱাই লানি পাতিলে ভয়।
পানী বাঢ়িলেই বিপদ যে বহুত।

অৰঙে দৰঙে বা বনাই উভটি আহোঁ মই
মোৰ ঘৰটোলৈ। ঘৰটোৱে সাবটি মোক লয়।

ঘৰটোৱে মোক এৰি থৈ যাব নোৱাৰে কলৈকো
ময়ো ঘৰটো এৰি বেছি সময় বাহিৰত থাকিব নোৱাৰোঁ।।
Art: Anurekha Dev [24 Strings, Performance]



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment