Friday, May 10, 2013

জাম্মা মছজিদৰ দুৱাৰ (গান)


সিদিনা আছিল দেওবাৰ বন্ধ দোকান পোহাৰ
হাত বাউলি দি মাতিছিল জাম্মা মছজিদৰ দুৱাৰ
গোটেই আকাশখন হাতৰ কাষতে পাই মই বহু কথা পাতিছিলোঁ
খোদাক কৈছিলোঁ বহুত দিলা, তুমি উজাৰি দিলা,
এইবাৰ আমাৰ হে পাল হবলা

অন্য এখন দুৱাৰেদি ওলাই আহিবৰ পৰত
তললৈ চাই দেখিলোঁ মানুহৰ জাক অযুত নিযুত
আহিছে আৰু গৈছে উঠিছে আৰু নামিছে
হাঁহিছে মাতিছে কথা পাতিছে
এইখন দেওবাৰে খোলা ফুটপাথৰ মুকলি বজাৰ
কোনোবা লাহে লাহে, কোনোবা বেগাই আগবাঢ়ে
কাৰোবাৰ পেটে কলমলায় কোনোবাই খাই মাৰে উগাৰ
তাৰ মাজতো তোমাকে বিচাৰি ফুৰিলোঁ মই বাৰে বাৰে

নাজানোঁ জাম্মা মছজিদৰ বা কেইখনি দুৱাৰ

খোদাৰ ঘৰত দুৱাৰ থাকে নেথাকে ছিলিং
এই কথাতেই কাণখোৱাৰ মন ঘিটিং টিং 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment