Friday, May 10, 2013

হায় আল্লাহ


ভিৰৰ মাজতো দেখোঁ, আইনা।
মোৰ ঘৰটোৱেই এনেকুৱা, শুনা কওঁ
বাজলৈ সতকাই ওলাব নোৱাৰোঁ
ওলালে আকৌ সোমাব নোৱাৰা হওঁ।

এদিন নদিয়াৰ মনচুৰ ফকীৰে গল্প এটা কয়ঃ[i]
মহম্মদৰ ওচৰলৈ গৈ কোনোবাই সুধিছিল হেনো
সকলোৱে যে আল্লাহ আল্লাহ কয়
আল্লাহ আচলতে দেখিবলৈ কেনেকুৱা বাৰু?

প্রশ্ন সোধোতালৈ আঙুলি টোঁৱাই মহম্মদে কলে
তোমাৰ নিচিনা। সাইলাখ তোমাৰেই নিচিনা।
খেক্‌খেকাই মনচুৰে হাঁহিলে আৰু আমাকো কলে
যিয়েই সোধে তাকেই কবা আল্লাহ দেখিবলৈ কেনেকুৱা।

আইনাত বাৰে বাৰে নিজৰ চেহেৰা চাই ভাল পোৱা
ৰা এটাৰ কথা জানোঁ। এদিন কিবা সকামত ওলাল।
চাহৰ দোকানত সোমাই দেখিলে চাহৰ দোকানীটো তাৰেই নিচিনা।
ৰিক্সাৱালাটো, ৰাস্তাৰ কাষৰ দর্জীটো... ... কি যে হৈ গল!

কাম বন এৰি থৈ সি ঘৰলৈ বুলি ভিৰই মাৰিলে লৰ।
ভিৰৰ মাজতো তথৈবচ। মানুহৰ মাজত হেৰাওঁ হেৰাওঁ।
কাৰ মুখলৈ চায়, মুখলৈ চাবলৈ ভয় মানুহবোৰৰ,
উধাতু খাই ঘৰ গৈ পাই আইনাৰ সন্মুখত হল থিয়, চাওঁ চোন চাওঁ...

ওহোঁ, আইনাত নাই কোনো।
হায় আল্লাহ! কি হল বাৰু
ঘৰৰ আইনা নির্বাক। ভীড় মে ভী আইনা ৰু বা ৰু।


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]



[i] নদিয়াৰ মনচুৰ ফকীৰৰ সতে আমাৰ এটা বন্ধুত্বপূর্ণ সম্পর্ক আছিল। লালন ফকীৰৰ গান গোৱাত ওস্তাদ মনচুৰ ফকীৰৰ এটা নিজস্ব ষ্টাইল আছে। মনচুৰৰ মুখত শুনা এটা কাহিনীৰ আধাৰতে এখন ছুটি চিনেমাৰো কাম কৰা হৈছিল।

No comments:

Post a Comment