পদুম পাহে পাহে ফুলে লাহে লাহে
বোকা আৰু ডাৱৰে কাণখোৱাক মাতেহে মাতে
কোনোবায়ে ক’লে কাণখোৱাৰ ঘৰ বেয়া বুলি
সেয়েহে কাণখোৱা বাজলৈ ওলাই নাহে
ঘৰৰ ভিতৰৰ পৰা ঘৰ দেখা নাযায় যে
দেখি মাথোঁ দুৱাৰ বেৰ আৰু খিৰিকীহে
বাহিৰৰ পৰাহে এটা ঘৰক ঘৰ যেন দেখি
সেয়েহে কাণখোৱা বাজলৈ ওলাই নাহে
কিমান যে যতনেৰে কাণখোৱাই ঘৰটি সাজে
কিজানিবা বেয়া দেখে, দেখাত আপচু লাগে
কিজানিবা বেয়া বুলি মানুহে দুনাই হাঁহে
সেয়েহে কাণখোৱা বাজলৈ ওলাই নাহে
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment