Friday, May 10, 2013

তোমাৰ কাৰণেই (গান)


তোমাৰ কাৰণেই ডোৰাকাণি ফালি ফালি ফালি ফালি[i]
চোৱা আমি সাজোঁ পুতলা
সেই পুতলাই কথা কলেই
কিয় আমি হওঁ উতলা

পুতলা সজা জানোঁ মুখৰে কথা
সাজি পুতলা পেলাই দিলে লাগিব লেঠা
ফুটা নুফুটা মাতে পুতলাই কথা পাতে
আবেগে লগালেহি এঠা

হেৰ বাটৰুৱা তই উতনুৱা
ডেৱাচালি খা অ তই ঘূৰি ঘূৰি চা

পুতলা সাজিবলৈ কিনো বাৰু লাগে
যিহেৰে নাসাজোঁ কিয় পুতলা পলকে ভাগে
পুতলাক লাগে চোন বুকুৰ এধানি উম
পুতলাই আৰু কিনো মাগে

হেৰ বাটৰুৱা তই উতনুৱা
ডেৱাচালি খা অ তই ঘূৰি ঘূৰি চা

তুমি একোকে নকলা তুমি বুজিকে নাপালা তুমি ঘূৰিকে নাচালা
কাপোৰ ফালি কাগজ ফালি কাঠ কাটি বাঁহ কাটি
ফেনেকি ফেনেকি মাটি ফেনেকি ফেনেকি মাটি
দুহাতে সাজিলোঁ যাক সিয়েই আছে তোমাক মাতি

হেৰ বাটৰুৱা তই উতনুৱা
ডেৱাচালি খা অ তই ঘূৰি ঘূৰি চা 



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]







[i] শতফুল থিয়েটাৰৰ গীত।

No comments:

Post a Comment