Friday, May 10, 2013

বাউলি হ’ল আজি সৌ তামোলৰে জাক (গান)

বাউলী হ’ল আজি সৌ তামোলৰে জাক।
আঙুলি জোকাৰি জোকাৰি মাতিছে কাক??

মূৰ নোদোৱাবি হে’ৰ তামোলনি
আকাশ খহি পৰে যদি
এনুৱা তোৰ দুলনি উকুলি মুকুলি
ক’তে পাম গোৱর্দ্ধনধাৰী!

হাউলি পৰে সখি সৌ তামোলৰে জাক
হাঁহি খিকিন্দালিত হেৰাব কথাৰে আঁত।।

তামোল থোকাথোকে মাতে তোকে মোকে
দুনৰীটোহে যেন দেখি
ভেঙুচা ভেঙুচি চুপতা চুপতি
মনে মনে থাকোঁ লেখি।

ৰাউচি জুৰিছে চা সৌ তামোলৰে জাক
উৰুলি দিয়ে আয়তী ঢেকীয়াৰে শাক।।

(...ব’লা ব’লা ব’লা পানী তুলিবলৈ যাওঁ
          উৰুলি ভালেকৈ দিয়া
নাজানো যদিও কোন সেইখনি গাওঁ
          কাৰ জীয়েকৰ বা বিয়া...) 






[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment