(বায়োডিগ্রেডেব্ল সেউজীয়া
প্লাষ্টিকৰ ডাষ্টবিন্টো টানি টানি
ম্যুনিচিপালিটিৰ মানুহটোৱে যেন নৱকান্তৰ
সুৰেৰেই ক’লে
মোক তো পোৱাই চিনি, মই যে ফাগুণ)
ইকাটি সিকাটি কৰি ওৰেটো ৰাতি কাটি
পুহৰি পুহৰি... ...
মেলিলোঁ খিৰিকীখন। তই দেখোন। ফাগুণ
মোৰ কামিহাঁড়তে আঙুলি বুলালি, কি
বিচাৰিলি
নাজানোঁ কোন শিমলুৰ ডালি।
বুজিলোঁ, নাই বেচিপৰ মিঞাজাক আহিবৰ
মুঠি মুঠি মেঘ লৈ তূলা ধুনিবৰ। ৰ’বা
তূলা ধুনাৰ ঝংকাৰ শুনিলে
হালধীয়া পাতবোৰৰ ভেঙুচা ভেঙুচিখন
চাবা
ধূলিত বাগৰি বাগৰি... ...
জানোঁ, তুমি পালেঙৰ খুটা এটাকে সাৱটি
ধৰিবা
মই যে নাই
হাততে শুকাব ছুলিৰ তেল, আজুৰি
ফালিবা কাপোৰ
উকা দেৱালৰ স’তে কাজিয়া কৰিবা, কাৰণ
মই যে নাই
ৰিঙা পথাৰখনলৈ লৰ মাৰি যাবা সোণ
আঙুলি জোকাৰি শাওপাত দিবা, হে’ৰ হতচিৰি ফাগুণ
মূৰৰ ছুলি আজুৰি আজুৰি... ...
মোক এইবেলি ৰেহাই দে অ’ ফাগুণ
বহুদিন হ’ল মই যে পথাৰ দেখা নাই
মোৰ দুৱাৰত টোকৰ নামাৰিবিচোন
বহুদিন বহুৰাতি শান্তিৰে শুব পৰা
নাই
সেই খবৰো আজি মোক নালাগে এথোন
এইবেলি শিমলু জোপা ফুলিছেনে নাই
ৰেহাই দে, পাওঁ যেন আহৰি... ...
খিৰিকীখন বন্ধ কৰি থ’লোঁ
হাঁহি উঠি যায়, ফুঃ, আজি হেনো
ফাগুণৰ এদিন
নেমেলোঁ দুৱাৰ, পৰি থাক সৰাপাত
এইখন চহৰ দেৱাল চহৰ এছাটি বা-ৰ
বাবে কাতৰ
পৰি থাক পৰি থাক
গুজৰি গুমৰি
পৰি থাক পৰি থাক উকমুকনি সামৰি...
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment