উছৱ শেষ। উছৱ বুলিলেই উবুৰি খাই পৰা চুবুৰিটো এতিয়া অৱশ।
ক’তো যেন একো হোৱা নাই এনে ভাবত কামলৈ ওলাই গ’লোঁ।
ক’তো যেন একো হোৱা নাই, কামৰ পৰা আহি ঘৰ সোমালোঁ।
তিনিআলিত বহি গুজৱত মছগুল মানুহবোৰে ভাবে, এই মানুহটো কেনে
নিৰস।
তিনিআলিত তিনিটা মানুহে কথা পাতে, মহ মাৰে, উছৱটোক আৰু
এবেলি ধৰি ৰখাতে ব্যস্ত।
তেজপাত দিয়া ৰঙা চাহ একাপ নিজে কৰি খালোঁ।
তোমালৈ ফোন কৰোঁ বুলি ফোনটো তুলি নকৰাকৈ থ’লোঁ।
উছৱ আহিলেই মোৰ হয় কষ্ট, কাৰণ মোৰ দৈনন্দিন ৰুটিন উছৱে কৰে
নষ্ট।
উছৱ শেষ। উছৱ বুলিলেই উবুৰি খাই পৰা চুবুৰিটো এতিয়া অৱশ
তেনেই।
আজি কাৰো একো কৰিব লগা নাই।
আজি কাৰো ক’লৈকো যাব লগা নাই।
ফোনটো সন্মুখত লৈ বহি আছোঁ, তোমাৰ স’তে আজি একো পাতিব লগা নাই।
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment