Thursday, May 23, 2013

এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...


এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...

মোৰ কথা শেষ নহল, সাতশ চল্লিশ নম্বৰ বাছখন আহি ৰলহি।
আমি জাঁপ মাৰি উঠিলোঁ। কথাষাৰ আকৌ আৰম্ভ কৰোঁ বুলি ভাবোতেই
কণ্ডাক্টৰটোৱে হাতখন আগবঢ়াই দিলেহি।
বাছৰ ঠেলা হেঁচাত মোৰ আৰু কথাটো কোৱা নহলেই।

মাণ্ডি হাউচত বাছৰ পৰা নামি উশাহটো দ-কৈ লৈ ভাবিলোঁ এইবাৰ কব পাৰি,
এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...
ভোকত পেটটো পকাই ধৰিলে। ঘড়ীটো চালোঁ, নাটক এখন চাব পাৰি
পিছে নাটক চাবলৈ হলে বেছি পলম কৰা উচিত নহয়।

এখোজ দুখোজ অগা পিছা কৰি দোধোৰ মোধোৰ হৈ শেষত নাটক চোৱাৰ সিদ্ধান্ত বাতিল।
তাতকৈ ভাল বাটৰ কাষৰ দোকান এখনতে কিবা অলপ খাওঁ
ৰ শলগুৰি, কৰ কঁঠাল, কৰে বা কের্কেটুৱা মোৰ কি আহিল কি গ
কিজানিবা এনেকৈ কোৱা, তাকেই ভাবি গুণি গাঁঠি থাকিলোঁ কথাটো কওঁ নে নকওঁ।

চাহৰ কাপত সোহাটো মাৰিয়ে সমুখত আহি ৰোৱা আৰু গুছি যোৱা বাছবোৰলৈ চাই থাকিলোঁ
কিজানিবা হাতত কোমল চাউলৰ টোপোলাটো লৈ শলগুৰিৰ জেঠাইজনী আহি নামেহি কৰবাৰ পৰা।
জানোঁ, আন কোনেও নুশুনিলেও জেঠায়ে মন দি শুনিব মোৰ কথা। জেঠাইকে কম, ঠিৰাং কৰিলোঁ
এদিন শলগুৰিত, কঁঠাল গছ এজোপাত কের্কেটুৱা এটাই...


[সাদিন, বিশেষ সংখ্যাতো প্রকাশিত] 

[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment