চুহি চুহি খোৱা পকা আমৰ গুটি হৈ
পৰি ৰ’ল প্রেম।
তুমি হাত পখালি আজৰি হ’লা। শুকান
আমঠুৰে পেঁপা সাজিব পৰা যায় কেনেকৈ
আগে জনা নাছিলোঁ, এইবেলি শিকিলোঁ
দেই
শুকান আমঠুৰ সুৰীয়া পেঁপা
আমতকৈও মিঠা।।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment