Thursday, May 23, 2013

আমঠু পেঁপা


চুহি চুহি খোৱা পকা আমৰ গুটি হৈ
পৰি ৰল প্রেম।
তুমি হাত পখালি আজৰি হলা। শুকান
আমঠুৰে পেঁপা সাজিব পৰা যায় কেনেকৈ
আগে জনা নাছিলোঁ, এইবেলি শিকিলোঁ দেই

শুকান আমঠুৰ সুৰীয়া পেঁপা
আমতকৈও মিঠা।।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment