১
মোৰ ঘৰটো ধুনীয়া মোৰ ঘৰতে দুনীয়া
চকুৰ পানীৰে ঠাই মচোঁ, মজিয়াখন লুণীয়া
২
সদায়ে পিয়াজ কাটোঁ, সদায়ে কান্দোঁ
জলকীয়া খাই সেহাই সেহাই কান্দোঁ
তথাপি তোমাৰ কথা মনত পেলাই নেকান্দোঁ।
৩
বিপদে আপদে কাণখোৱাই আওৰায় পদ
ঘৰৰ কোণত গৃহদেৱতা গদগদ।
৪
খোদাৰ ঘৰত দুৱাৰ
থাকে নেথাকে ছিলিং
এই কথাতেই
কাণখোৱাৰ মন ঘিটিং টিং
[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment