Friday, May 10, 2013

সেমেকা বতৰৰ পদ্য ২

ঘৰঘৰাই উঘা ঘূৰে মেঘৰ আঁৰে আঁৰে
কোনে জানো বাতি কৰে বগলী সূতাৰে।।

ইমান সূতাৰে বাতি! নালাগেনে ভাগৰ
নাজানো অ বতাহী কালৈনো জুৰ চাদৰ।।

মনে মনে ভাবি থাকোঁ কোনে মাৰে মাকো
খিতি খিতি তাখিৰ খিতি শবদহে শুনোঁ।।

গৰকাতনো কাৰ ভৰি নাজানোঁ মই তাকো
বৰষুণৰ সূতাই সীয়ে ভূমা-ভূঁই হেনো।।

Art: Akhilesh Arya


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment