আটাইতকৈ বিপদজনক[i]
আটাইতকৈ বিপদজনক জীৱন এটা জীয়াই আছে কাণখোৱা
পাছে ক’বৰ দৰে, ঘৰৰ পৰা ওলাই গৈ ঘৰলৈ ওভতি অহা
পৰিশ্রমৰ ধন কোনোবাই লুটি পুটি নিয়াটো আটাইতকৈ বিপদজনক নহয়
পুলিচৰ লাঠিৰ কোব আটাইতকৈ বিপদজনক নহয়
প্রতাৰণা, লোভৰ হাতোৰা আটাইতকৈ বিপদজনক নহয়
হাতে লোটে ধৰা পৰি যোৱাটো বাৰু বেয়া,
মূক মৌন এটা পৰিস্থিতিত সাঙোৰ খাই পৰাটো বাৰু বেয়া
কিন্তু আটাইতকৈ বিপদজনক নহয়
আটাইতকৈ বিপদজনক হ’ল যেতিয়া মৃতক শান্তিৰে মৰে
যন্ত্রণাৰ চিন নেথাকে, সকলোবোৰ নিৰবে সহে
ঘৰৰ পৰা ওলাই কামলৈ বুলি যোৱা
আৰু কামৰ পৰা উভটি ঘৰলৈ অহা
আটাইতকৈ বিপদজনক
আমাৰ সপোনবোৰ লাহে লাহে মৰি যোৱা
পাছ, আটাইতকৈ বিপদজনক জীৱন এটা জীয়াই আছে কাণখোৱা
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:
Post a Comment