Thursday, May 23, 2013

সংবাদদাতা বৰোদা ২০০৭-২০০৮


দিন দাহাড়ে আঙ্গণ মে তেৰে মচী হ্যে কেইছি হলচল
জাগো ৰে মনৱা জাগনা হোগা আজ নেহী তো কাল...


সি যেতিয়া চিঞৰি চিঞৰি কথা কৈ আছিল
সিহঁতবোৰ ভেনামাখিৰ দৰে তাৰ ওপৰত উবুৰি খাই পৰিছিল

তুমি যেতিয়া প্রতিবাদ কৰিছিলা
সিহঁতবোৰ ভেনামাখিৰ দৰে তোমাৰ ওপৰত উবুৰি খাই পৰিছিল

গান গাবলৈ লওঁতে যেতিয়া মোৰ ডিঙিয়েদি কেঁকনি গেঙনি বাজ হৈছিল
সিহঁতবোৰ ভেনামাখিৰ দৰে মোৰ ওপৰত উবুৰি খাই পৰিছিল

প্রতিবাদৰ নিছাত আছন্ন ছোৱালীজনীয়ে
আজিও কোনো নাহিল বুলি যেতিয়া ফেঁকুৰি ফেঁকুৰি কান্দিছিল
সিহঁতবোৰ ভেনামাখিৰ দৰে তাইৰ ওপৰত উবুৰি খাই পৰিছিল

দিনবোৰ এইবাৰ ভাললৈ আহক বুলি
প্রার্থনাত যেতিয়া তাৰ চকু দুটা মুদ খাই আহিছিল
সিহঁতবোৰ ভেনামাখিৰ দৰে তাৰ ওপৰত উবুৰি খাই পৰিছিল

হাতত বিধে বিধে কেমেৰা, সৰু ডাঙৰ বিভিন্ন আকাৰ

সিহঁতবোৰ ভেনামাখিৰ দৰে যাৰ ওপৰতে উবুৰি খাই পৰে
পাছদিনা সিয়েই চহৰখনত বাজলৈ ওলাব নোৱাৰা হয়
চৰখনৰ মানুহবোৰ, মানুহবোৰৰ চকুবোৰ
তাৰ ওপৰতে ভেনামাখিৰ দৰে উবুৰি খাই পৰে

আমি যেতিয়া গান গাইছিলোঁ সিহঁতবোৰেও গান গাইছিল
মূৰ দুপিয়াই দুপিয়াই ভেনামাখিৰ দৰে ভেন ভেন কৰিছিল

নিমিষতে বহুত কিবা কিবি সলনি হৈ গ
বহু দশক জোৰা সাধনাৰ এখন তীর্থ ধূলিস্যাৎ হৈ গ
আজিও সিহঁতবোৰ ভেনামাখিৰ দৰে দেৱালে দেৱালে পৰি থাকিল

সকলোবোৰ শেষ হৈ যোৱাৰ পিছতো আমি ভেনামাখিবোৰৰ কাৰণে
গান গাই আছোঁ প্রদীপ জ্বলাইছোঁ কথা কৈ আছোঁ
দেৱালবোৰত বুকুৰ তেজেৰে ৰঙা ৰং ঘঁহিছোঁ

যিমান দিনলৈ দেৱালবোৰ থাকিব
আমাৰ বুকুৰ তেজৰ দাগবোৰ থাকিব
ভেনামাখিবোৰ থাকিব

থাকিবনে? 


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment