In public nobody can escape from it; everyone is forced
to be either spectator or performer. Some performers perform their refusal to
perform. They play insignificant “little men”, or, if they are many they may
play a cohort of “the silent majority”. The change-over from performer to
spectator is almost instantaneous. It is also possible to be both at the same
time…
JOHN
BERGER
Theatre
of Indifference
Written in 1975, coll. in THE
SENSE OF SIGHT (ed. Lloid Spencer, Vintage International, NY 1985, pp.
68-73)
ফাটেহগঞ্জৰ গলিটোৰ গুমটি এটাৰ সমুখত
সঁজাত বন্দী ভাটৌ এজনী আছে|
ভাটৌজনী থাকিলে পার্ছি ছোৱালীজনী নাথাকে গুমটিটোত
হয়তো, তাইকো বন্দী কৰি ৰাখিবৰ সঁজা এটা আছে|
ফাটেহগঞ্জৰ গলিটোৰ
গৰুবোৰ কলৈকো নাযায়, বাটতে থাকে|
মানুহবোৰো বাটতে থাকে, বাটতে খায়, শোৱে, গা ধোৱে – সদায়|
সিহঁতৰ ঘৰবোৰৰ ভিতৰবোৰত বাহিৰ এখন আছে
সেই বাহিৰত খাবলৈ শুবলৈ গা ধুবলৈ সিহঁতৰ লাজ লাগে হ’বপায়|
ফাটেহগঞ্জৰ গলিটোৰে গৈ
শেহৰ ফালে মোৰো ঘৰ এটা আছে|
বহুতো ঘৰৰ ভিতৰেদি সোমাই গৈ মই মোৰ ঘৰটোত সোমাওঁ|
চাৰিবেলাৰ নামাজ, চাইবাবাৰ কাৱালি আৰু পেটুৱা গণেশৰ উন্মাদ
নাচে
মোৰ ঘৰটো ভৰাই ৰাখে| সোণ, কেনেকৈ কওঁ যে তোমাকেই ভালপাওঁ|
ফাটেহগঞ্জৰ গলিটোৰ গুৰিতে থকা মাহীজনীয়ে আজি হাঁহি এটা মাৰিলে|
সদায়ে গোষ্ঠী উজাৰি গালি পৰা
মাহীয়ে জানে
চহৰৰ পুলিচৰ ক্ষমতা প্রদর্শণৰ নমুনা, মাহীৰ চাহৰ দোকানখন ভাঙিলে|
ইয়াতকৈ বেয়া দিন আৰু কি আহিব?
তথাপি সুধিলোঁ, মাহী ভালনে?
ফাটেহগঞ্জৰ গলিটোৰে খোজ কাঢ়োঁতেও আকাশত জোন দেখা পাওঁ|
বহুতো খিৰিকীৰ পর্দা একে সময়তে কঁপি উঠে|
ফাটেহগঞ্জৰ গলিটোৰে খোজ কাঢ়োঁ আৰু জুমি জুমি চাওঁ
জোনটোলৈ ঈর্ষা হয়| এখনো পর্দা নাই যি খন মোৰ বাবে কঁপি উঠে|
তোমাৰ ঔদাসীন্য আৰু মোৰ ঔৎসুক্যৰ থিয়েটাৰ খন
অহর্নিশে চলি থাকে ফাটেহগঞ্জৰ বাটে পথে|
ব্যস্ত পথত ব্যতিব্যস্ত মই, লোলুপ
গোপন অপৰাধী দর্শক,
মানুহৰ থিয়েটাৰ বিচাৰি ফুৰোঁ ফাটেহগঞ্জৰ বাটে পথে|
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]

No comments:
Post a Comment