Friday, May 10, 2013

ওভতনি


সকলো মানুহেই জীৱনত এবাৰ নহয় এবাৰ কৰবালৈ নহয় কৰবালৈ
উভতি যাবলৈ বিচাৰে। সতকাই।
যদিওবা আজিলৈকে কাকো কলৈকো উভতি যোৱা আমি দেখা নাই।
এই কথাটোকেই মানুহে বুজি নাপায়, যে উভতি যোৱাটো সম্ভৱ নহয় একেবাৰেই।

তোমাৰ ওচৰলৈ উভতি গৈ এবাৰ মই তোমাক বিচাৰি পোৱা নাছিলোঁ।
মই ভিতৰতেই আছিলোঁ, কিন্তু তুমি বাহিৰৰ দুৱাৰত তলাটো দেখি উভতি গৈছিলা।
আজিও কেনেবাকৈ মই উভতি আহিম বুলি তুমি বাট চাই আছা নেকি বাৰু?
তুমি বাৰু কোনখন নদীত কেতিয়া ওভতনি সোঁত দেখিছিলা?

কয় কাণখোৱাই, উভতিবলৈ বিচাৰে যেতিয়াই
মানুহে ভুল এটা কৰি পেলায় তেতিয়াই। 



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment