Friday, May 10, 2013

সমুদ্র কূলতে বহি পানী পানী কৰি সি মৰে


সমুদ্র কূলতে বহি পানী পানী কৰি সি মৰে[i]
কি যে চাতক আপোন ঘাতক লেখন কেনে চোৱা বিধিৰে

মেঘে পানী নবৰিষিলে
চাতকৰ ঠোঁট নিতিয়ালে
চাতকে যি প্রতিজ্ঞা ৰাখিলে
তৃষ্ণাতুৰে তাক নাছাৰে

চাতক থাকিল মেঘলৈ চাই
বতাহে নিলে মেঘ উৰুৱাই
চাতকৰ প্রাণ কোনে বা বচায়
বাট থাকে চাই আকূল প্রাণেৰে

লালনে কয় অ হেৰ মন
নহল যে তোৰ ভজন সাধন
বিনে চিৰাজ সাঁইৰে চৰণ
জীৱন হল তোৰ পাত বৃথাৰে

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]



[i] লালন গীতৰ অসমীয়া ভাঙনি

No comments:

Post a Comment