Thursday, May 23, 2013

প্রেক্ষাগৃহ


এই প্রেক্ষাগৃহ, মই ভালপাওঁ। ভালপাওঁ এই আসনবোৰ।
বেলেগ বেলেগ বহুতো মানুহ ইয়াত একেলগে বহে।
একেলগে হাঁহে। একেলগে কান্দে। একে যেন হৈ পৰে বেলেগ বেলেগবোৰ।
বেলেগ বেলেগ বহুতো মানুহ একেলগে নিৰৱতাত বুৰে।

তাৰ আগৰ বেলেগে বেলেগে থকা মানুহবোৰ তাৰ পিছতো বেলেগ বেলেগ হয়

এই ধৰা তুমি আৰু মই। একে লগে কাফেত কফি খালোঁ।
বাবুঘাটৰ ফেৰীৰ ৰেলিঙত ভেঁজা দি পাৰ হলোঁ গঙ্গা।
চকুত চকু থলোঁ, ওঁঠত ওঁঠ। হাতত হাত থলোঁ, গালোঁ আৰু বালোঁ
পাছে খোলাকটিৰ তাল। একেলগে ভূগিলোঁ বেলেগৰ শঙ্কা।

প্রেম আছিল, সপোন আছিল, প্রতিশ্রুতিৰ লেঠাৰি নিছিগা ধাৰ।
শব্দৰে নির্মিত চহৰত মই উচুপিছিলোঁ এধানি নিৰৱতাৰ বাবে।
চকু দুটা মুদি নৈশব্দত আমি বুৰিছিলোঁ জানোঁ, বুৰিছিলোনে এটি বাৰ?
মোৰ বহুবল্কী চহৰ, তুমি বহুত দিলা, অলপমান নিৰৱতাৰ বাদে।

মোৰ চিনাকি আপোন প্রিয়া, তোমাতকৈও প্রিয় মোৰ অচিনাকি এই বেলেগ মানুহ
প্রেক্ষাগৃহত বহি থাকে শূণ্য আসন পুৰাই।
একেলগে সকলোৱে নিৰৱতাত বুৰি যত ইজনে সিজনৰ দেহৰ কাপোৰ
নিভৃতে লয় সলাই...

কেৱল বেলেগ হৈ ৰয় মঞ্চত অভিনেতাবোৰ।
ধৰা পৰি যোৱা অভিনেতাবোৰ।



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment