(কবি নৱকান্ত বৰুৱাৰ নামেৰে)
…I believe
in the immortality of
all
creatures…
Egon
Schiele
সভ্যতাৰ আৰু অসভ্যতাৰ প্রাচীনতম তত্রাচ অধুনা জীৱিত
স্বেতৰক্তী কীট।
অষ্টদশ জানু। ষষ্ঠপদী। সদা সতর্ক সম্বিৎ।
আটাইতকৈ বেছি অভিযোগ ৰহিত সত্তা
ভোজন পচনত নাই কোনো বাচ-বিচাৰ
কাকো ক’তো প্রাত্যক্ষিকভাবে কৰা নাই অপকাৰ
দিয়া নাই বিকাৰ
এন্ধাৰে
পোহৰে
জাৰে
জহে
অজাতশত্রু ...
স্পর্শপ্রিয় নিমাখিত। কেশসম ছিদ্রতেই বাস।
বাজলৈ ওলাই আহিলেহে মাথোন সন্ত্রাস
খাদ্য অবিহনে এমাহতকৈয়ো অধিক দিন বাচি থাকিব পাৰোঁ
জলবায়ুৰ আর্দ্রতা মাথোঁ জৰুৰী বিষয়
যাৰ জলনির্মিত শৰীৰ, সৃষ্টিৰ অভ্যন্তৰীণ নির্যাস
পথালিমুখ। দলবদ্ধ জীৱ। ক্ষিপ্রগতি।
একান্তই অনভিপ্রেত মম উপস্থিতি
আনৱিক বিস্ফোৰণেও নস্যাৎ কৰিব নোৱাৰিলে যাৰ অস্তিত্ব
ভীষ্ম পিতামহৰ দৰে দেখি আহিছোঁ মহাকাব্যৰ উজান ভাটি।
নৰদেহ ক্ষতস্থানত মোৰ ৰক্তই দিয়ে উপশম
তথাপিও বিষাক্ত আৰু ক্ষতিকাৰী বুলি বদনাম
বুদ্ধিহীন। অবিবেচক।
মস্তিষ্ক বিচ্ছেদতো বাচি থাকিব পাৰোঁ বহুতো দিন
মৈথুনৰ অবিহনেও মই থিতাপি লওঁ মাতৃগর্ভত
তুষাৰাবৃত অঞ্চলৰ পৰা শুষ্ক বালিচৰলৈকে সকলোতে বিদ্যমান
মোক তুমি কেনেকৈ নিঃশেষ কৰিবা
এন্ধাৰে যে মোক সুৰক্ষা দিয়ে
তদুপৰি
পোহৰো মোৰ শত্রু নোহে
উৰিব পাৰিলেও মই ভালপাওঁ মাটি
ভালপাওঁ পিঁয়াজ
ভালপাওঁ মানুহৰ আৱর্জনা।
জানো, মানুহ নেথাকিলেও থাকিব আৱর্জনা।
সর্বভোজী মই। ওঠৰ ঘণ্টাকৈ মোৰ দৈনিক বিশ্রাম
ডাইনোচৰতকৈয়ো প্রাচীনতৰ মোৰ ইতিহাস বীক্ষণ
পৃথিৱীৰ প্রথমখন মহাকাব্যৰ পাত ময়ে লুটিয়াইছিলোঁ
পৃথিৱীৰ প্রথমটো কবিতা ময়ে আওৰাইছিলোঁ
বিশ্বত যিমান দিনলৈকে এন্ধাৰ থাকিব
পঁইতাচোৰা থাকিব
যেনেকৈ শস্য আৰু মৈথুন থকালৈকে মানুহ থাকিব
এন্ধাৰ আঁতৰোৱাৰ প্রার্থনা থকালৈকে
থাকিব কবি আৰু কবিতা।

No comments:
Post a Comment