Friday, May 10, 2013

বিনোদ নগৰৰ মহিলাবোৰ

হঠাতে অহা বৰষুণ এজাকে বিনোদ নগৰৰ মহিলাজাকৰ মাজত হুৱাদুৱা লগালে।
দত শুকোৱা কাপোৰবোৰ আকৌ বৰষুণে তিয়াব নহলে। ছাদত দেখিলোঁ খৰখেদা।
বতৰটোৰ অতপালিখন চাচোন। বৰষুণ মানেই সদায়ে বিপদ। কাপোৰবোৰ সামৰিলে
কিন্তু দেখোন মানুহবোৰ তিতিলে। ছেহ, এই বৰষুণ জাক সঁচায়ে আপদীয়া।

আপুনি যদি পুৰুষ আৰু তিনি চেকেণ্ডতকৈ বেছি সময় ধৰি চাই আছে এগৰাকী মহিলাক
তেনেহলে সেয়া হেনো আইনমতে দণ্ডনীয় অপৰাধ। মই এতিয়া কি কৰোঁ?
মতা মানুহবোৰ কামে কাজে ওলাই গৈছে। অসময়ত নামি আহিল এই বৰষুণ এজাক।
কাপোৰ সামৰাৰ পিছতো ছাদত ৰৈ থাকিবলৈ সিহঁতক কোনে কৈছিল বাৰু?

যমুনা নদীখন তেনেই কাষতে। দিনৰ দিনটো ভেকেটা ভেকেট গোন্ধায়।
যমুনাক লৈ কবিতা লিখিবলৈ বহিলেও নিৰস গদ্যহে ওলায়।
বিনোদ নগৰৰ মহিলাবোৰে বৰষুণত জমা হোৱা পানীবোৰলৈ থাকে চাই
যমুনাৰ পাৰত সিহঁতে কাহানিও বাঁহীৰ মাত শুনা নাই।

তথাপি কিনো কথা পাতে বিনোদ নগৰৰ মহিলাবোৰে কোনে জানে কিনো কথাত হয় মছগুল
সিহঁতৰ হাঁহি খিকিন্দালিয়ে আহি নিশা দুপৰতো মোৰ ঘৰৰ বেৰত খুন্দা মাৰে।
কিবা এটা বিৰাট ৰহস্য ঘূৰি ফুৰে বিনোদ নগৰৰ মহিলাবোৰৰ মাজত, ভাবি মোৰ মনটো উগুল থুগুল।
নহলেনো বাৰু কেনেকৈ এই আৱর্জনাৰে ভৰা চহৰত কোনোবা জীয়াই থাকিব পাৰে?

কাপোৰ সামৰিবলৈ ছাদলৈ উঠি অহা বিনোদ নগৰৰ মহিলাবোৰলৈ চাই থাকোঁ
মণিৰত্নমৰ কোনবা কৰিওগ্রাফ ৰিণি ৰিণি পৰি থাকে মনত।
সকলো ধৰণৰ জুই বৰষুণে নুমুৱাব নোৱাৰে, কব খোজোঁ বিনোদনগৰৰ মহিলাবোৰকো
কিন্তু উপায় নাই, কাণখোৱাই কয়, নীলা গৰখীয়াটোৱে বাঁহী যে নবজোৱা হল যমুনাৰ পাৰত। 






[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment