Friday, May 10, 2013

কবীৰা আৰু মই


আজি কেইদিনমান ধৰি কবীৰা মোৰ লগতে আছে। একেটা কোঠালিতে।
আমি একেলগে ৰান্ধি বাঢ়ি খাওঁ, একেখন বিচনাতে শোওঁ।
মই পূৱলৈ মূৰ কৰিলে তেওঁ পশ্চিমলৈ মূৰ কৰে
মই পশ্চিমলৈ মূৰ কৰি শুলে পূৱলৈ মূৰ কৰে তেওঁ।।

একেটা কোঠালিতে থাকিও আমি ইজনে সিজনক দেখা নাপাওঁ
তথাপিতো আমি একেটা চৰুতে ভাতমুঠি ৰান্ধোঁ।
সুখী জগতখন যেতিয়া খাই বৈ শুই থকা দেখোঁ
আমি দুই দুখী ইজনে সিজনৰ কান্ধত মূৰ থৈ কান্দোঁ।।[i] 

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]



[i] সুখীয়া সব সংসাৰ হেই, খায়ে ঔৰ শোৱে
দুখীয়া দাস কবীৰ হেই, জাগে ঔৰ ৰোৱে... কবীৰৰ দোহা

No comments:

Post a Comment