Thursday, May 23, 2013

মুঠি মুঠি কৰি মানুহে লৈ যাওক ঘৰমুৰি কৰি

ৰফিকুল হোচেইনৰ নামেৰে
  
এদিন আমি জামুগুৰিহাটত নাটক এখন পাতিম দেই
(এই পাতিম বোলা কথাষাৰ ভাওনা পতাৰ লেখিয়া)
ডাক বাংলো, বাপুজী ভৱন আৰু বাচ ষ্টেণ্ডৰ সেই
ত্রিভূজটোতে পাতিম থিয়েটাৰ। খোলা আকাশখনেই চান্দোৱা।

বজাৰখন সাঙুৰি লম। বাচবোৰ আহিব আৰু যাব। মানুহ উঠিব নামিব।
মই জানোঁ থিয়েটাৰ বুলিলেই জামুগুৰিৰ মানুহ বলিয়া
খেতিপথাৰ সামৰি মানুহ বাটকুৰি বাই আহিব
দাউ দাউ কৰি জ্বলিব আঁৰিয়া।

মানুহবোৰে আমাক চাবলৈ আহিব। আমাক চাবলৈ অহা মানুহবোৰক আমিও চাম।
কোনেও কাকো প্রতিনিধিত্ব কৰিব নালাগে। আখৰাৰো প্রয়োজন নাই।
বাৰখেলীয়া ভাওনাৰ দৰে সেই তিনিটা আলিৰ ত্রিভূজটোত ঘূৰি ঘূৰি নাটক কৰিম।
হেঁপাহ পলুৱাই নাটক কৰিম। সংলাপ মুখস্ত নহলেও নাই।

একেটা সময়তে মই দহটা চৰিত্র ৰূপায়ণ কৰিম। আপুনি একা?
আমাৰ নাটকত দেৱতাৰ হাতত দানৱ নমৰে
ভগৱন্তৰ দহটা অৱতাৰ যদি হব পাৰে মনত ৰাখিব ৰাৱণৰো শিৰ দহটা
আহ্‌, মোৰ দেখোন ভাবিয়েই মনটো উলাহে নধৰে।

বাৰে বাৰে ভুল কৰিম। দুনাই আৰম্ভ কৰিম। বাৰে বাৰে ।
আমাৰ হাতবোৰ ভৰিবোৰ মূৰবোৰ সোলোকাই ইজনে সিজনৰ সৈতে সলাই লম।
তেতিয়া আৰু আমাৰ ভাগৰ নালাগে। ভৰি নবিষায়। পিয়াহ নধৰে।
এদিনতে যদি শেষ নহয়, আমি দুদিন তিনিদিন বহুদিন ধৰি নাটক কৰি যাম।

নাটক কৰিব নোৱাৰি। নাটক আচলতে ঘটে। নাটকক নোৱাৰি ৰাখিব কেমেৰাৰে ধৰি।
নাটক আৰম্ভ হয়তো হয় শেষ কেতিয়াও নহয়।
মুঠি মুঠি কৰি নাটক মানুহে লৈ যায় ঘৰমুৰি কৰি
কর্মঠ আৰু সোৰোপা মাথোন এই দুই ধৰণৰ মানুহেহে নাটক ভাল পায়।

বজাৰখনকো সাঙুৰি ললে আমাৰ ত্রিভূজটো হব এটা চতুর্ভূজ
চতুর্ভূজটো দিন যোৱাৰ লগে লগে হব এটা অষ্টভূজ আৰু অষ্টভূজটো এটা বৃত্ত
(অষ্টভূজ কেনেকৈ বৃত্তলৈ ৰূপান্তৰিত হয় ইছলামী স্থপতিয়ে জানে)
দূৰ দেশান্তৰৰ মানুহ আহি বৃত্তৰ পৰিধি বহল কৰিবহি।
মানুহৰ গাঁৱে গাঁৱে ঘৰে ঘৰে চোতালে চোতালে আমাৰ নাটক বিয়পিব।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment