Friday, May 10, 2013

কান্দে কাণখোৱা এ (গান)


কান্দে কাণখোৱা এ কাহানিও মোৰ দেখা নহল তাৰে
দিবা নিশি ঘূৰি ফুৰে ভিতৰে বাহিৰে

নেভাবি নিচিন্তি মই বান্ধিলোঁ মোৰ ঘৰ
খিলি লগাবলে থাকিল কেইখনি দুৱাৰ

দুৱাৰ খুলিবলৈ গৈ মই বেৰত খুন্দা মাৰোঁ
বেৰত আওঁজিবলে গৈ মই দুৱাৰ খুলি পৰোঁ

ঘৰ সজা বাৰু সহজ কথা যতনাই ৰখা টান
কাণখোৱাৰ কথা নেপেলাবা দিয়া মন কাণ


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment