Thursday, May 23, 2013

হতচিৰি ফাগুণ ২


উধাতু খাই আহি সি মোৰ সমুখত ৰলহি
আৰু ফোঁপাই ফোঁপাই কলে
ল, আৰু এখন হাবিত জুই লগাই দিলোঁ, চা-হি

মই কিবা এটা কবলৈ মুখ নৌ নেমেলোতেই
সি আকৌ অন্য এফালে লৰ ধৰিলে
আৰ এখন হাবি আছে, যাওঁ দেই, যাওঁ দেই

বৰ ৰং পাওঁ, তাৰ চঞ্চলতা চাই থাকোঁ ৰং মনে
বাট চাই আছোঁ বেলি পৰালে
সি পাৰিবনে? এইবেলি বাৰু সি পাৰিবনে?

আৰু যে এখন হাবি আছে
যোৱা এঘাৰ বছৰে যত জুই জ্বলাব পৰা নাই।।


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment