Saturday, May 11, 2013

আলখাল্লা


চাতক চৰাই নাছোৰ বান্দা
তাকে দেখি তুমি কিয় যে কান্দা
চাতক সাক্ষাৎ খোদাৰ বান্দা
তুমি মাথোঁ দুপইচাৰ পাণ্ডা

আলখাল্লাই[ii] নিদিয়ে আল্লা
বৃথা যে তোমাৰ দগা পাল্লা
নিজকে পাহৰি মৌলা মৌলা
মিছাতেই কি খন কৰিছা হাল্লা

নাই কোনো সাৰ, তানা বানা
হিচাপ ৰাখা দানা দানা
বিন খাতাই তোমাৰ মালিকানা
নিমিষতে শেষ ডাল-বুট ছানা

কাণখোৱাই কয় লালন ফকিৰ
ঘৰ দুৱাৰ বেচি হওঁগে ভিকিৰ
দেও দি দি মন শালিকীৰ
দুবাহু তুলি গাওঁগে জিকিৰ 


[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]



[ii] আলখাল্লা ফকিৰৰ পোছাক। সাধাৰণতে ফটা কাপোৰ জোৰা লগাই চিলোৱা হয়, আৰু বেচ ৰংচঙীয়া হয়।

No comments:

Post a Comment