মই আছিলোঁ এটি পুৰণি সাধুকথাৰ ৰাজকুমাৰ
আৰু ৰাজকুমাৰী তুমি।
আজি তুমি নাই। সাধুকথাটোও নাই। কাৰোবাৰ
কাণে কাণে কৈ পঠিয়ালা তথাপিঃ
ধ্যেৎ, সাধুকথা কাহানিবা পুৰণি হয় হবলা!
পিয়াহ বাঢ়ে। কিজানি
তেৰখন নদীৰ পানী খালেহে গুছিব পিয়াহ, জায়া
নাজানোঁ কোনেনো দিবহি আনি।
মূৰৰ কীৰিটি, হাতৰ তৰবাৰি, ককালৰ টঙালি, সোধা
কিনো মহিমা তাৰ নাথাকে যদি
উপবিষ্ট সভাসদ। কিনো কাম উদাত্ত সংলাপৰ মিছা
নেথাকিলে উৎকীর্ণ দর্শক ৰাশি।
হেতেন হেতেন কৈ মানুহে সপোন দেখে।
তথাপি তথাপি কৰি জীৱন জীয়াই থাকে।
তেৰখন নদীৰ পানী মোক দিয়া আনি
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]

No comments:
Post a Comment