Thursday, May 23, 2013

ফিৰিঙতি



মোৰ এই বন্ধ কোঠালিৰ মাজতে হাজাৰটা অশান্ত সপোনে
বাট হেৰুৱাই ঘূৰি ফুৰি ইটোৱে সিটোৰ গাত খুন্দা মাৰে
সেই খুন্দাতো ফিৰিঙতি ওফৰে।
কেতিয়াও মোৰ এই বন্ধ কোঠালিলৈ ভুমুকিয়াবলৈ চেষ্টা নকৰিবা
তুমিতো শুকান সৰা পাত
জ্বলি যাবা।।



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment