বহুপৰ ৰ লাগি
চাই দেখিলোঁ
চকুৰে দুধাৰি
বৈ আহিছে তাৰ
ড্রয়িং ৰুমৰ
বেৰখন কঁপাই
হঠাৎ শিংবোৰ জোকাৰি
উঠিল
ঝৰঝৰাই সৰি পৰিল
মকৰাৰ জাল
ময়ে সোণৰ হৰিণ।
সোণতকৈও সোণৰ
এ হয় কি নহয়, হয়
বুকু চমেচমাই
যায়, এনে শুৱনি চাল
চকুৰ আন্ধাৰত
হাজাৰটা নিদ্রাহীন ৰাতি, তাৰ
এৰাতিতে কবচ সী
শত্রু গিলিব পৰা হাত হাজাৰখন
বনগীত সুৰীয়া
বিৰিণাৰ পাত হেন
দুৰু দুৰু চকুৰ
পতা
উৱলি যোৱ ফটোৰ
ফ্রেমবোৰ খহি পৰি
ফটোৰ মানুহবোৰ জাকে
জাকে ওলাই আহিল
ৰাতিপুৱাৰ ৰ’দ পুৱালে, আৰু ...
(প্রভাত ফেৰি
গালে কোনে)
আৰু এঙামুৰি
এটা দিওঁতেই
পুৰণা গ্রামোফোণৰ
দৰে হাঁ কৰি মুখ মেলি থকা
গুলঞ্চ ফুল
এপাহ সৰি সমুখতে পৰিল
মুখেদি তাৰ
ওলাই আহিল হালধীয়া হুমুনিয়াহ এটা
হুমুনিয়াহটো
এচেৰেঙা ভাদমহীয়া ৰ’দ হল
ক’ৰবাৰ পৰা
পাখি লগা হেঙুলবুলীয়া সিংহ এটা আহি
কাবু কৰি
পেলালেহি নীলা চানেকিয়া হাতীটো
হাতীটো কিমান ডাঙৰ
আছিল
আমাৰ গোটেইবোৰকে
সি পেটত সুমুৱাই নিব খুজিছিল
অথচ সি নিজেই
নাজানিছিল সি কিমান ডাঙৰ আছিল
নামঘৰৰ খুটাৰ দৰে
আস্থা
যি আকাশতকৈও ওখ
জাকে জাকে মানুহ আহিছে কথা পাতিছে
হাঁচতিত বান্ধি
নিছে ঘৰমুৰি আশ্বাস
গুলঞ্চ পাহে পাছলৈ ক্রমে দীঘলীয়া আৰু
জোঙা
শিৰোবস্ত্রৰে মূৰ দোঁৱাই
জুৰিলে গীত-ৰাগ-নান্দী-সুহাই
আমিও ধৰিলোঁ। আৰে
জয় জয় কৃষ্ণ ঈশ্বৰ মুৰাৰি...
খোলত চাপৰ
দিলোঁ, শিৰত বকুল ফুলৰ মালা
চুঃ এৰা এৰা
কল্পনা বিলাস
মোক হেঁচুকি দিয়া যেন পালোঁ কোনোবাই
কেতিয়াবা ভাবোঁ
বুইছা, পহুৰ শিং যুৰিয়ে ক’লে, মানুহে
বেৰৰ এচুকত
সজাই থয় বাবেহে চাগৈ সুন্দৰ মই
এৰা, স্মৃতি
বিলাস এৰা
পাৰা যদি আৰু
এটা প্রলেপ দিয়া বার্ণিছেৰে
জানো!মোৰ কি হয়
কেতিয়াবা হলে
মোৰ মোলৈ বৰকৈ মনত পৰে
অকস্মাতে মোৰ
নিজৰ গাতে বকুল ফুলৰ গোন্ধ পাওঁ
বহুদূৰৰ পৰা
কোনোবাই ৰিঙিয়াই মতা যেন শুনোঁ।
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]


No comments:
Post a Comment