নাট্যকাৰ পঙ্কজ জ্যোতি ভূঞাৰ নামেৰে
একেটা সময়তে এঠাইত থকা এজন মানুহ
বহুতো সময়ত বহু ঠাইত থকা বহুতো মানুহ
আজি বহু বছৰ হ’ল আমি লগ হোৱা নাই
তথাপি দেখোন আমি একেলগে থাকোঁ, ঘৰ একেটাই
সামান্য এটা চোৰেও তাৰ চেণ্ডেলযোৰৰ মোহ এৰিব পাৰে
মইহে একো এৰিব নোৱাৰিলোঁ, আপুনি খেদ কৰিছিলে
আপুনি আৰু মই এদিন ৰঙাকৈ জ্বলি থকা লাইটৰ শ্বেডটো দেখি
হাত মেলিছিলোঁ সৃষ্টিৰ লোভ দেখুউৱা আপেলটো বুলি ভাবি
পখিলাৰ পাখি হেন এই ৰংচঙীয়া পোছাকবোৰ খুলি
আমি নগ্ন হ’বলৈ বিছাৰিছিলোঁ একেলগেই নেকি
মানুহে কয় তাইৰ চকুত সপোন আছে
কঙ্কণাই কয় তাইৰ হাতত দুপাত্তা এখন আছে, ওপৰত চিলিং পাঙ্খা।
আমি হয়তো সপোন দেখিবলৈ বাদ দিব লাগিব, পিছে
সপোন নেদেখাকৈ আমি কেনেকৈ জীয়াই থাকিম, কি এক অর্বাচীন শঙ্কা!
ছবি সংঘাত গান আৰু কবিতা
একেলগে সাঙুৰিব নোৱাৰিলে নাটক জানো হয়?
কান্ধত এখন হাত। এখন খিৰিকী, জুখিবলৈ অসীমৰ সীমা
সেয়ে যদি নাথাকে মানুহৰ স’তে মানুহৰ কথা যে নহয়
চতুর্থ পুৰুষৰ সন্ধানত আমি ঘৰৰ বাহিৰ হওঁ, ভিতৰ হওঁ
মই বাহিৰলৈ সোমাওঁ মই ভিতৰলৈ ওলাওঁ
তিনি ফুটমান বহল টেবুল এখনকে আকুৰি ধৰি চিঞৰোঁ
ইমানেই সঙ্কুচিত আমাৰ বিশ্বজগত। ভীতিগ্রস্থ হওঁ
আপোনাৰ আছে অদ্ভূত ক্ষমতা। একেলগে বহি থকা
এহেজাৰ মানুহকো আপুনি অকলশৰীয়া কৰি তুলিব পাৰে।
চুই চাবলৈ নিজৰ হাতখন, ৰ লাগি চাবলৈ নিজৰ চকুদুটা
মাত এষাৰ শুনিবলৈ নিজৰ জিভাখন বিচাৰি নোপোৱাত পৰে।
[সাদিনত প্রকাশিত]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment