ইমানবোৰ তৰা ৰাতিৰ আকাশত
ওপৰলৈ বন্দুক টোঁৱাই গুলি এটা কৰিলে
কোনোবা নহয় কোনোবা এটা তৰাত
গুলিটো গৈ লাগিবই লাগিব যেন লাগে।
এটা দুটা কে’বাটাও গুলি মাৰি পঠিয়ালোঁ, পিছে
এটাও গুলি নালাগিল কোনো এটা তৰাতে ।
ওভটি আহি গুলিবোৰ নিজৰ ঘৰৰ ছালতে পৰে।
গুলিবোৰত ইমান জোৰ নাই যে সি গৈ তৰাটো চুবগে’।
কাণখোৱা তোৰ গুলিবোৰ ভেজাল
আজি থকা সৰকা তোৰ ঘৰৰহে ছাল।
No comments:
Post a Comment