Friday, May 10, 2013

মোৰ ক’বলৈ আছে আজি বহুতো কথা (গান)


মোৰ কবলৈ আছে আজি বহুতো কথা
কিছু চকুৰে দেখা কিছু মনতে সজা
পিছে কবলৈ লওতেও মনতে দ্বিধা
আছে কথা কথা খেলাৰো বহুতো লেঠা
যদি কোৱা কথাই দিয়ে তোমাৰ মনতে বেথা

তথাপি কবই লাগিব তোমাক বখানি
নোকোৱাকৈ থকা কথাখিনি কথা নহয়
নোগোৱাকৈ থকা গানক গান বুলি নকয়
নিদিয়াকৈ থকাখিনি
নোপোৱাকৈ থকাখিনি
নিদিয়া নোপোৱাখিনি ভালপোৱা নহয়
মোৰ কথাখিনিক কথা হবলৈ দিয়া
মোৰ গানখিনিক গান হবলৈ দিয়া
মোৰ ভালপোৱাক এটা নাম দিয়া
ভালপোৱা

এবোজা নোকোৱা কথাৰ বোজাতে কোঙা
কাণখোৱা

[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]




No comments:

Post a Comment