উদং বুকুত চেৰেং চেৰেং
গোধূলি গোন্ধায়
মাধৈমালতী
দিশাহাৰা নাওখনৰ লগতে হেৰায়
মাভৈ বাণীটি
মামৈ তামোল চোবাই ল’ৰাটো
এৰাবাৰীত সোমাল যি সোমালেই
নাহিল উভতি
কেলেই ফুলিলি মাধৈমালতী
জকেমকি
এইখিনিতে যে আছিল ছোৱালীজনী
চকুলো টুকি
দেখিছিলি নেকি
চেৰেং চেৰেং মাধৈমালতী তই
বুকুৱে তোৰো বানে নে ঢেঁকী?
No comments:
Post a Comment