Thursday, May 23, 2013

এনেকৈয়ে মই তোমাক হেৰুৱাওঁ


মোৰ নিশকতীয়া হাত দুখনে
কল এটাৰ বাকলিও ভালকৈ গুছাব নোৱাৰে
দুর্বল এই হাত দুখন
তোমাৰ হাতখনো ধৰি ৰাখিব নোৱাৰে
পিছলি যাব খোজে
বাৰে বাৰে পিছলি যাব খোজে
মুঠি এটাও মাৰিব নাজানে এই হাতে
নিজৰ বুকুতে ভুকুৱাই কান্দিবলৈকো
ভুকুটো বুকুত নপৰেহি
বৰ অসাৱধান বেহিচাপী এই হাত দুখন

তোমালোকৰ হাজাৰ হাজাৰ হাতৰ মুঠিৰ
শূণ্যস্থান মোৰ হাত দুখনে
কেতিয়াও পূৰণ কৰিব পৰা নাই
বিকলাঙ্গৰ সংৰক্ষিত ৰেলৰ দবাতো
তুলি দিব নোৱাৰোঁ মোৰ হাত দুখন
যলৈকে যাওঁ লগতে লৈ ফুৰোঁ
জেপত সুমুৱাই থওঁ
আৰু

আৰু

আৰু লাজতে জেপত সুমুৱাই থওঁ বুলিয়েই
মোৰ হাত দুখনে তোমাক ধৰি ৰাখিব নোৱাৰিলে। 



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment