Thursday, May 23, 2013

আমাৰ বাৰীৰ তামোল গছ কেইজোপা

চোৱাচোন চোৱা
সুহুৰিয়াই সুহুৰিয়াই সিহঁতে কেনেকৈ পঠিয়াইছে
বয়ঃসন্ধিৰ গোপন খবৰ ইজনে সিজনলৈ

ন নে দহ বছৰৰ চেঙেলিয়া কেইটাহে যেন
লেং পেং কৈ ওখ, হাফ পেন্ট পিন্ধা
চুচুক চামাক কৈ এতিয়াই গৈ চুৰ কৰি খাব ঘিলাপিঠা।

এদিন জোনাক ৰাতি সিহঁতে পাতিলে পাং
জোনটোক ধৰি ৰাখিবলৈ বুলি তৰিব লাগিব এখন জাল
জাল তৰিবলৈ পিছে হাত নাই সিহঁতৰ, সিহঁতো হেবাং
খুচি খুচি সেয়ে বিদ্ধ কৰিলে সিহঁতে আকাশৰ চোতাল

যন্ত্রণাত জোনাকৰ চকুলোৰে আকাশ একাঁঠু হ
হুলস্থুলখন লগাবলৈকো ডাৱৰবোৰ টোপনিত লালকাল
জটলগা তামোলৰ বাউলি ছুলিতো পৰিল চকুলো টোপাল
বৈ আহিল শীর্ণ দীর্ঘ শৰীৰে জোনাক
অনুশোচনাৰ মৌনতাৰে তৰাবোৰেও মাৰিলে নিতাল

হঠাৎ অহা উন্মাদ শিলবৰষুণৰ সৈতে যুদ্ধ কৰে সিহঁতে
চিৰ উন্মুখ। দেখাত হে লেং পেং, উতনুৱা,
পিছে সিহঁতেই আমাৰ বাৰীখনৰ অতন্দ্র প্রহৰী

মনে মনে সিহঁতেও কেতিয়াবা চকুৰ পানী টোকে হবলা
মাজৰাতি সাৰপাই শোৱাপাটীৰে পৰাই
চকুলো সৰাৰ শব্দ শুনোঁ নহয়

পাছদিনা পুৱা বাজলৈ ওলালেই সিহঁতে
ভেঙচা ভেঙুচিখন কৰে। ইজনে সিজনৰ কাণৰ
তেনেই কাষলৈ গৈ কয় কিবা এটা

চোৱাচোন, নহয়নো কি
আজি সিহঁতে হাকুটিৰে তৰা পাৰিব খাটাং
কোন পিছে আগবাঢ়ি যাব হৈ দলপতি তাৰ হে হোৱা নাই ঠিক।


[প্রথম প্রকাশ- প্রান্তিক]



[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment