Thursday, May 23, 2013

বৰষুণ

বাহিৰত মেঘৰ গাজনি
আৰু তুমি সুধিছা মই ইমান চঞ্চল কিয়

আচল কথা
সকলোবোৰ হেৰুউৱাৰ পিছতো
মই এই চঞ্চলতাখিনি হেৰুৱাব নোৱাৰিলোঁ
যি খিনি তুমি হেৰুৱালা

তুমি নিজকে হেৰুৱালেও
মই তোমাক হেৰুৱাব নোৱাৰিলোঁ

সঁচা কথাটো কওঁনে?
বহুত কিবাকিবি হেৰুউৱাৰ পিছতো
মই একোৱেই হেৰুৱাব নোৱাৰিলোঁ।

Art: Divya Narang


[হুঁ, HOON (collection of Verses in Assamese), Published by Bornali Borgohain on behalf of Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]  

No comments:

Post a Comment