Friday, May 10, 2013

তুমি আজি অহাৰ কথা


বতৰটো আজি গৰম। তথাপি বেলকনিত থিয় হৈ থাকি বেয়া লগা নাই।
তুমি আজি অহাৰ কথা।
ইয়াৰ পৰা বহু দূৰলৈকে দেখি, তুমি আহিলে তোমাক  আগতীয়াকৈয়ে দেখিম মই।
তুমি আজি অহাৰ কথা।
কাষৰ ঘৰৰ মহিলাগৰাকীয়ে ৰদত শুকুৱা চাদৰখন সামৰি ৰৈ কি জানো ভাবিছে। জানে নেকি
তুমি আজি অহাৰ কথা।
সন্মুখৰ ছাদখনত লৰাটোৱে চিলা উৰুৱাই আছে, কব নোৱাৰোঁ, সিও জানে নেকি
তুমি আজি অহাৰ কথা।
কিন্তু সঁচাকে কৈছোঁ মই কাকো কোৱা নাই কাহানিও
তুমি আজি অহাৰ কথা।
নাজানোঁ কেনেকৈ এনেকুৱা হবলৈ পালে। এতিয়া কাক ফাঁকি দিওঁ, কেনেকৈ লুকুৱাওঁ
তুমি আজি অহাৰ কথা।

কাণখোৱাৰ ঘৰত চন্দুক নাই
তেনেই সৰু কথা এটাকো লুকুৱাই ৰাখিব নেজানে কাণখোৱাই।



[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment