ঘৰৰ ভিতৰৰ পৰা মই ওলাবকেই পৰা নাই
হামি,
হিকটি, হাঁচি, অলপ ভাগৰ
এঙামুৰি এটা দি সলোৱা বাগৰ
লাহেকে’ গুছাওঁ
মই চকুৰে ফেচকুৰি
দাঁত
মজি চাফা কৰোঁ মুখ কুলু কুলু কৰি
এবাৰ দুবাৰ কে’বাবাৰো আইনা চাই
দাঁত
নিকতাই হাঁহি অথবা বিকটাই
ঘৰৰ ভিতৰৰ পৰা মই ওলাবকেই পৰা নাই
এই
ওলাওঁ এই ওলাওঁ বুলি মই ওলাবকেই পৰা নাই
হাতত
বাঢ়নি আৰু হাকুটি এডাল
চুকৰ পৰা আঁতৰাওঁ মকৰাৰ জাল
কুটি
মেলি পাচলি দাইল ভাত ৰান্ধি লৈ
লেতেৰা বাচন আৰু লেতেৰা কাপোৰ ধুই
যিমানে
সাৰোঁ মচোঁ থাকোঁ যতনাই
মোৰ দেখোন আৱর্জনা বাঢ়িহে যায়
ঘৰৰ ভিতৰৰ পৰা মই ওলাবকেই পৰা নাই
এই
ওলাওঁ এই ওলাওঁ বুলি মই ওলাবকেই পৰা নাই
কামিজটো
পিন্ধোতেই মোৰ ইমান পৰ
বুতাম
লগাওতেই যায় ইমান পৰ
আউলি
বাউলি ছুলি খুলি মেলি বান্ধি লৈ
জাবৰে জোথৰে ভৰা ঘৰ দুৱাৰ যতনাই
ওলাওঁ
ওলাওঁ বুলি ভাবোঁ সতকাই
ওলাই
যাবৰ দেখোঁ নেথাকে উপায়
ঘৰৰ ভিতৰৰ পৰা মই ওলাবকেই পৰা নাই
এই
ওলাওঁ এই ওলাওঁ বুলি মই ওলাবকেই পৰা নাই
[“কাণখোৱাৰ ঘৰ”
সংকলণৰ পৰা।
KANKHOWAR
GHAR (ABODE OF KANKHOWA, collection of Verses in
Assamese),
published by
Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]
No comments:
Post a Comment