“সৌৱা চোৱা – গুলপীয়া জোন”
ওহোঁ, চোৱা চোৱা সুমথিৰা যেন
য়ুৱানে জোনটোলৈ আঙুলিয়ালে
শৰতৰ ধূলি আৰু কুঁৱলিয়ে
জোনটোক সুমথিৰা হেন কৰি তুলিছিল
এবছৰীয়া শিশু য়ুৱানে এই এবছৰ বয়সতে
কোৰিয়ান, জাপানী আৰু বঙালী
এই তিনিওটা ভাষা ক’ব পাৰে
জোনটো গুলপীয়া নে সুমথিৰা সেয়া ডাঙৰ কথা নহয়
কথা হ’ল
এই পৃথিৱীখনত এবছৰৰ চিনাকিতেই য়ুৱানে
তিনিটা জোন দেখা পায়।।
[প্থরথম প্রকাশ- প্রান্তিক
আৰু কোৰিয়ান ভাষালৈও অনূদিত হৈছে...]
আৰু কোৰিয়ান ভাষালৈও অনূদিত হৈছে...]
[হুঁ, HOON
(collection of Verses in Assamese), Published by Bornali Borgohain on behalf of
Aakhar Prakash, Guwahati 3, Guwahati Bookfair Jan 2009]
No comments:
Post a Comment