Friday, May 10, 2013

হাসনে নেবান্ধে ঘৰ


লোকে বলে, বলে রে ঘর বাড়ি ভালা না আমার
-হাসন ৰাজা

ফার্নিচাৰ হেনো আধুনিক জীৱনৰ অভিশাপ, মানুহে কয়
আজি ভাল কালি বেয়া। থবলৈও নহয় পেলাবলৈকো নহয়।
বহু চলাথ কৰি থাকিবলৈ ঘৰ এটা জানিবা পালোৱেই
কিন্তু ফার্নিচাৰ এতিয়া কৰ পৰা আনোঁ ভাই!

দুদিনৰ বাসা বুলিতো ঘৰটোৰ আলৈ আথানি কৰিব নোৱাৰোঁ
সেয়েহে চিকুণালোঁ। সাৰিলোঁ মচিলোঁ। অঁতাই যতনাই ললোঁ।
নহলে দেখোন মানুহে মোৰ ঘৰটো ভাল নহয় বুলি কব।
(যদিওবা দুদিনৰ পিছতে হয়তো নতুন ঘৰ এটা সলাবলগীয়া হব।)

আল্লাৰ দোহাই দি হাসন ৰাজাই ঘৰ নেবান্ধে, হাসন এলেহুৱা।
  দুদিনৰ কাৰণেই হওক, ঘৰ কৰিবলৈ মন বান্ধে কাণখোৱা।।




[“কাণখোৱাৰ ঘৰ” সংকলণৰ পৰা।
KANKHOWAR GHAR (ABODE OF KANKHOWA, collection of Verses in Assamese),
published by Samaswar Prakashan, Guwahati-3, North East Book-fair, Dec. 2009]

No comments:

Post a Comment